মদাহী কিম্বা বিদ্ৰোহী
চৈয়দা তনজিয়া ৱাৰিছা আজমি
হয়, মই এজন মদাহী।
সেইবুলিয়ে জানো মাননি ধৰিব মোক
এখনি চৰিত্ৰৰ বঁটাৰে?
সঁচা মিছা নাজানি
দিব কেনেকৈ আকৌ উপমা
বইজ্জাত, বদমাচ বুলি?
বাৰু মোৰ নাযায় একোকে।
মদ এটুপি গল ভৰাই গিলি
পাহৰোঁ মই সংসাৰৰ বেদনা,
গোঁৰা মানুহে হাঁহি মুখে —
মোৰ চৰিত্ৰ পটত সনা সকলো কালিমা।
মই নোৱাৰোঁ থাকিব কৃতক জগতত,
লাগে মোক মুকলিমূৰীয়া সৰলতা,
পামনো ক'তেই বা সেয়া —
বুলি লওঁ মদ টুপি গিলি
ঘূৰি ফুৰোঁ মোৰ ৰাগিৰ পৃথিৱীত,
তাতেই সকলো মুকলি, নিৰ্ভেজাল ।
মই নোৱাৰোঁ চাব অন্যায়।
মাত দবাই নোৱাৰোঁ থাকিব হৈ নিমাত।
কিন্তু মাত মাতিলেই গলতে নগাধাৰী দা,
তাতোকে ভাল গললৈকে মদ ভৰাই ,
মদাহী বুলি নাম লৈ,
মদৰ নিচাতে বলকি থকা —
দেশৰ কিচকিচীয়া গুপুত কথা।
মদাহী বুলি যে নিদিয়ে কোনেও পাট্টাই,
হ'ল মোৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ মুক্তকণ্ঠে।
এহ,অলপ মদিৰা মিশ্ৰিতই যুঁজ যেনিবা,
এই মদিৰা মোৰ বিদ্ৰোহী কলপ,
নহ'লে উঠাই নিব দুগুণ মাংসধাৰী
পেট পেটুৱা তেজেতীয়া কেইটিমান চিপাহীয়ে।
এহ, নোৱাৰোঁ মই এই আজাহ -দুৰ্দশা চাবলৈ।
সেয়ে মদৰ নিচাত মই হওঁ
পৰম দানী নৰপতি,
পইছাৰ ওপৰত দুচপৰা মঙহ পেলাই বহা
পৰজীৱী সেনাপতিক দিওঁ মই দণ্ড।
ৰাজভঁৰালৰ পইছাৰে কৰোঁ মই কল্যাণ,
এহ মোৰ মদিৰা মিশ্ৰিত সপোন।
ৰাজপথত যেতিয়া সত্যৰ নিলামী হয়,
মানৱতাৰ তেজ - ঘামেৰে বন্ধা হয় মহলীয়া অট্টালিকা,
তেতিয়া মোৰ বাবে ৰাগিৰ এন্ধাৰেই সততাৰ কোলা,
ক্লান্ত মোক মাতোৱাল কৰি হ'লেও যে লই সামৰি - সুতৰি।
মই মদাহীয়েই বাৰু।
কিন্তু নহওঁ কেতিয়াও বান্দৰ।
শিয়ালী যক্ষৰ হাতৰ আঙুলি - টিপত
গুলী-সূতাৰে বান্ধ খাই পুতলা নাচ নানাচোঁ।
মই হ'ম ডাঠুৱা সিংহ।
নহওঁ নটুৱা বানৰ।
লগা হ'লে গৰজিম —
পৰি খালে - ডোঙে,
মদ খাই ,ভাং খাই
লাং খাই পৰিও গৰজিম,
নকৰোঁ বহুৱালি,
যখৰ গভিয়া যে মই নহয়।
মই ৰজা।
লগা হ'লে
মদিৰা ৰাজ্যৰেই ৰজা নহওঁ কিয়।
মদৰ মায়াত পাহৰিব খোজোঁ
ভণ্ড সমাজৰ পংগু নিয়ম - আচাৰ।
নগ্নতাৰ যুগত বিবেকৰ বেহা কৰা কুৎসিত মানুহৰ
বিষবাষ্পৰ দংশনতকৈ
মই মদিৰাৰ জালতেই মৰা শ্ৰেয়।
ধৰ্ষিত মানৱতাৰ বিভীষিকা
চকু মেলি চোৱাতকৈ ,
মদৰ নিচাত মদাৰু হৈ ৰোৱাই শ্ৰেয়।
মই মদাহী।
মদৰ নিচাতেই বলকি দিওঁ
যুক্তিবাদী কথা, সত্য বচন।
মানুহে কয় —
“ই মদৰ নিচাত হৈ পৰিল বাউলা”;
কিন্তু নেজানেই যে মদাহী মত্ত হোৱাই শ্ৰেয়,
হোৱাতকৈ শুকান হাড় চেলেকি
কোঁৱাৰি পৰা তেজ উলোৱা ,নেগুৰ নচুৱা ধেকুৰা।
মই কওঁ এই নেতা, এই পুলিচ, এই ন্যায়াধীশ আৰু এই চৰকাৰী বাবু,
হয় জনতাৰ সেৱকহে আচলতে,
তেন্তে কিয় আজি নিজকে ৰজা ভাবি
ধৰে মহামান্যৰ বেশ?
এৰা , মোক পাগল বোলা বোৰেই
গৈ গৈ যাচে নিজৰেই ভৰিৰ শিকলি ।
মোৰ সৈতে কৰিলে অসভ্যালি, অনীতি
দিওঁ কাপোৰৰ দৰে থেকেচি,
নচলে অন্যায় মোৰ লগত।
নিজা দায়িত্ব পাহৰি শৃগাল হেন দন্ত দেখালে,
ময়ো বনৰজা হৈ বধিম।
দিব মদাহী বুলি এৰি তেতিয়া হ'লে
যেতিয়া ভৰিৰ তলৰ পৰুৱা কেইটামানে ক'ব —
“অ’ চাহেব যাবলৈ দিয়ক
হয় বলিয়া মদাহী।”
কিন্তু বলিয়া কোন প্ৰকৃততে?
ৰচনা লিখিবলৈ দিয়া ন্যায়ালয়ৰ চৌহদত
বাৰম্বাৰ পাক ঘূৰণি খোৱা
বিবেকত পৰ্দা দিয়া মানু্হবোৰেই নহয় নে?
এৰা মোৰ একোকে আহে নাযায়।
এই যুগৰ বাস্তৱ মই নোৱাৰিলোঁ সহিব;
সেয়ে তুলি ল'লোঁ মদিৰাৰ গিলাচ ,
গিলি ল'লোঁ টেটু ভৰায়।
কৰি গ'লোঁ ভীৰুৰ দৰে বিদ্ৰোহ।
এৰা, কিবা এটাটো কৰিলোঁ
দেখা পালোঁ মই,
লাখ টকীয়া কাপোৰৰ আঁৰৰ
ফটা, এঙাৰ হেন অধম স্বৰূপ।
নগ'লোঁ একেবাৰেই মোহ মই।
ল'লোঁ এটুপি মদৰ আশ্ৰয়।
মদ টোপাটোপে গিলি ভৰাব পাৰোঁ টেটু,
কিন্তু দিব নোৱাৰোঁ কাৰোবাৰ দৰে টেটু চেপা।
সেয়ে আনৰ চকুত মদাহী ঢেপেৰা।
মই হ'ব পাৰোঁ মদ খাই চেৰাপী পাপী,
কিন্তু সমাজৰ মুখা পিন্ধা কাৰোবাৰ দৰে ভণ্ড নহয়,
নকৰোঁ মই ভণ্ডামি মদৰ বটল হাতত তুলি ল’য়ো।