Stay updated-follow us on Instagram
Follow
পংকজ গগৈ
1 / 1
ৰঙাজিঞাৰ নেজ ধৰি
সাধুৰ নৌকাত বহি আহে
কাউৰী ৰং ঘঁহা আচহুৱা জীৱ
কোনে দেখালে তাক
মোৰ ঘা লগা কামিজ
জুই মেলি দে
জুই মেলি দে
ওচৰ চাপি আহিব নিদিবি
সোধ তাক
নদীখন কিমান দীঘল
ক'ৰ পৰা ধৰি সি
আনিলে জিঞা
আৰু অলপ পৰ
উলটি অহা নাই মোৰ ছায়া
আনিব গৈ পচতীয়া
Poem