ভিক্টৰ ৰাজকুমাৰ
গছ হোৱাৰ হেঁপাহ এটা থকাৰ বাবে
মনত
বাৰে বাৰে
পোখা মেলোঁ
নিজে তিতো
সেমেকো,
বৰষুণত
শিপা মেলি খামুচিব খোজোঁ
মাটি আৰু শিপা
শিপা আৰু মাটি
ডাল পাত মেলি
ছাঁ দিব খোজোঁ
সামৰি ল’ব খোজোঁ
উৰণীয়া পক্ষীৰ মাত
বাটৰুৱাৰ ভাগৰ
আৰু দুখৰ দীঘলীয়া বাট
সেউজীয়া পোচাক পিন্ধি
ৰং সলাব খোজোঁ
দোমোজাৰ মদৰুৱা ঘাট
আৰু জন
আৰু ক্ষণ
গছ যে নহয়,
মই
নোৱাৰো সহিব,
ধুমুহা
ধৰি ৰাখিব নোৱাৰো,
মাটি
আৰু ধান
আৰু জীৱন
বাঢ়নি পানীত
উটি যায়
মন
গছ হ’ব নোৱাৰি
মানুহ হোৱাৰ অজুহাতত
গছ হ’ব নোৱাৰি
কাহানিও
খামুচি ধৰিব নোৱাৰো
মাটি
আৰু হাঁহি
আৰু চকুৰ পানী
সেয়ে,
এবাৰ উঠোঁ
আকৌ পৰোঁ
বাৰে বাৰে
পিছলি যাওঁ, ৰণত ৷৷৷