Stay updated-follow us on Instagram
Follow

অসমৰ বস্ত্ৰশিল্প ঐতিহ্যৰ আঁত বিচাৰি

ভবেনজ্যোতি বৰা

1 min read
Readers 40 people read this
1 / 1

অসমৰ বস্ত্ৰশিল্প অতি পুৰণি৷ অষ্ট্ৰো-মঙ্গোলাড্‌ গোষ্ঠীৰ লোকসকলে মুগা, এৰী, পাটপলু পুহি¸ সূতা কাটি বোৱা বস্ত্ৰৰ পৰাই বস্ত্ৰশিল্প পৰম্পৰা আৰম্ভ হৈছিল বুলি ঐতিহাসিকসকলে মত পোষণ কৰে৷ প্ৰাচীন কামৰূপত ‘পত্ৰোৰ্ণা’ নামেৰে পাট কাপোৰ ‘দুকুল’ মুগা আৰু ‘ক্ষৌম’ এৰী বস্ত্ৰই গা কৰি উঠাৰ বিষয়ে বিৱৰণ পোৱা যায়৷ সপ্তম শতিকাত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই হৰ্ষবদ্ধৰ্নলৈ বিশুদ্ধ মিহি তথা উৎকৃষ্ট পাটৰ কাপোৰ উপঢৌকন হিচাপে পঠোৱা কথা ‘হৰ্ষচৰিত্ৰ’ত উল্লেখ আছে৷ অন্যহাতে কছাৰীসকলক সদাশিৱই মুগা দিছিল, সেই সূত্ৰে তেওঁলোকে পোন-প্ৰথমে মুগা পুহিছিল বুলি আখ্যান আছে৷ পাট, মুগা, মেজাংকৰি আদিৰে সমৃদ্ধ অসমক কৌটিল্য অৰ্থশাস্ত্ৰত “সুৱৰ্ণকুজ্য” সোণালী সূতাৰ দেশ হিচাপে উল্লেখ কৰিছে৷

অতীত অসমৰ সকলো জনগোষ্ঠীয়ে এৰাপাত আৰু কেচেৰু পাত খোৱা এৰী পলু পুহিছিল৷ সেই এৰী সূতা কাটি  বয় বিভিন্ন সাজপাৰ পিন্ধিছিল৷ এৰীসূত কটা কৌশল দুটা– পানীত তিয়াই আৰু শুকানকৈ কটা৷ তিয়াই কটা সূতাক তিতাকৰীয়া আৰু শুকানকৈ কটা সূতাক শুকানকৰীয়া বুলিছিল৷ ডবহাকৈ কটা এৰী সূতাত তাহন দি জাৰৰ দিনত লোৱা খনীয়া কাপোৰ আৰু মিহিৰকৈ কটা সূতাৰে ৰিহা-মেখেলা, দখ্‌না, পাতল চেলেং কাপোৰ, চোলা আদি বয় লৈছিল পিন্ধিছিল৷ পাটপলু লগত অসমৰ নাথ-যোগী সম্প্ৰদায় ঘনিষ্ঠভাৱে জড়িত আৰু পাটপলু পুহি সূতা কাটি কাপোৰ তৈয়াৰ বিদ্যাত পাৰ্গত আছিল বুলি জনা যায়৷

অসমৰ অন্যতম আদিম জনগোষ্ঠী চুতীয়াসকলৰ কাপোৰ পিন্ধা লেখত ল’বলগীয়া ধৰণ বিশেষৰ বুৰঞ্জীত উল্লেখ আছে৷ সাধাৰণ চুতীয়া মহিলাই বুকুত মেঠনি মাৰিছিল৷ সম্ভ্ৰান্ত মহিলাই মেখেলা, চাদৰ লগতে ৰিহাব্যৱহাৰ কৰিছিল৷ কপাহ, মুগা আৰু পাটৰ সূতাৰে তৈয়াৰী বস্ত্ৰ পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰিছিল৷ শীতকালি এৰীয়া কাপোৰ  গাত মেৰিয়াই লৈ জাৰ প্ৰতিহত কৰিছিল৷ তেওঁলোকৰ দৈনন্দিন জীৱনত ৰঙা শেল দিয়া গামোচা অপৰিহাৰ্য আছিল৷ চুতীয়া পুৰুষে পোন্ধ মাৰি ৰঙা আৰু বগা ৰঙৰ চুৰিয়া ভৰি গঁঠিত পৰাকৈ পিন্ধিছিল৷ ছ্যুকাফা স্বৰ্গদেৱে এই ধৰণটোক আহোম অভিজাত্যৰ কাৰণে গ্ৰহণ কৰি চুতীয়াসকলক তেনে বস্ত্ৰ পিন্ধাৰ বাৰণ কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে৷ 

যি কি নহওক অসমৰ সকলো জাতি-জনগোষ্ঠীয় তিৰোতাই সূতা-কটা আৰু তাঁত-বোৱা বিদ্যাত পাকৈত আছিল৷ অসমত প্ৰচলিত দুবিধ তাঁতশালৰ বিষয়ে জনা যায়৷ ভৈয়ামৰ তিৰোতাসকলে মাটিশাল আৰু পাহাৰীয়া তিৰোতাই  ককালত বান্ধি লোৰা শালৰ দ্বাৰা ফুল-তেঁতেলী বাচি নানান ৰংবিৰঙৰ বস্ত্ৰ বয়-কাটি পিন্ধিছিল৷ উল্লেখনীয়, অতীত অসমৰ জনজাতীয় লোকসকলক মাজত কাপোৰ কিনা-বেচা নহৈছিল৷ লাগতীয়াল বস্ত্ৰ নিজেই বয়-কাটি লৈছিল আৰু মৰম-চেনেহৰ চিন স্বৰূপে কাৰোবাক উপহাৰ দিছিল৷ চেনেহৰ দীঘ দি মৰমৰ বাণি বয়, হেঁপাহৰ আঁচুৰ আৰু সপোনৰ ফুলেৰে ফুল তুলি চেনেহীয়ে চেনাইক উপহাৰ দিয়া বিহুৱানখন সৰ্বজন বিদিত৷ বিহুৱান কিনিবলৈ পোৰা বস্ত্ৰ নাছিল৷ 

যুঁজাৰু বীৰক দেশ ৰক্ষাৰ্থে যুঁজিবলৈ সাহসৰ দৃঢ়তা বঢ়োৱাৰ উদ্দেশ্যে নিশাটো ভিতৰতেসূতা কাটি বয় উলিওৱা “কবচ” কাপোকখনো আছিল এক অনন্য আৰু বিৰল বস্ত্ৰৰ নমুনা৷ অসমৰ বস্ত্ৰ শিল্পৰ অন্যতম সোণালী স্তম্ভস্বৰূপ বৃন্দাৱনী বস্ত্ৰ৷ গুৰুজনাৰ প্ৰধান শিষ্য মাধৱদেৱ আৰু মথুৰাদাস বুঢা. আতাৰ সহযোগত বাৰ গৰাকী মৰল [নিপুণবস্ত্ৰশিল্পী] সহায়ত গুৰুজনাৰ পৰিকল্পনাই কোচৰজা নৰনায়াৰণক দেখুওৱাৰ উদেশ্যে মথুৰাতশ্ৰীকৃষ্ণ¸ৰ জন্মৰ পৰা কংসবধলৈকে বৰ্ণিত সমস্ত ঘটনাৱলীৰ চিত্ৰ অংকনেৰে ছমাহৰ মূৰত বৰপেটা তাঁতীকুছিত বৃন্দাৱনী বস্ত্ৰ বয় উলিয়াইছিল৷ গছ-লতা, বন-বিৰিষৰপৰা আহৰণ কৰাৰ ৰঙত বুলোৱা থলুৱা সূতাৰে সুশোভিতএশ বিশ হাত [এশ আশী ফুট দীঘল] আৰু ষাঠি হাত বহল [নবৈ ফুট বহল] বৃন্দাৱনী বস্ত্ৰ দৰ্শন কৰি ৰজা নৰনাৰায়ণে অবাক হৈ পৰিছিল৷ আজিৰ পৰা চাৰিশ চৌষষ্ঠি বছৰ পূৰ্ৱে বৃন্দাৱনী বস্ত্ৰ বয় উলিওৱা হৈছিল৷ ইয়াত প্ৰতিফলিত হৈছিল অসমীয়া শিল্প-সাহিত্য অপূৰ্ব চানেকি আৰু বয়নৰ চমকপ্ৰদ নিৰ্দশন৷ কালচক্ৰত নৰনাৰয়াণৰ ৰাজসভাত চমক সৃষ্টিকাৰী বৃন্দাবনী বস্ত্ৰ চোৱা-চোৱাকৈ ক্ৰমে– লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম, ভিইৰীয়ান এলবাৰ্ট মিউজিয়াম, মিউজিয়াম অফ্‌ ম্যেন কাইণ্ড, পেৰিছৰ গুইমেKI× মিউজিয়াম, ভাৰ্জিনিয়াৰ মিউজিয়াম, ভিলাভেলকিয়া মিউজিয়ামৰ সম্পদৰূপে পৰিগণিত হয়গৈ৷

আহোম বুৰঞ্জীৰ পাত লুটিয়ালে পোৱা যায় আহোম ৰাজত্বকালত বস্ত্ৰ ব্যৱহাৰৰ ক্ষেএত গুৰুত্ব প্ৰদান কৰিছিল সৰ্বাধিক৷ তেওঁলোকে বিশেষকৈ মুগাখেতিক ৰাজকীয়ভাৱে গুৰুত্ব দিছিল৷ সূতা যোগানৰ বাবে আহোম ৰজাই চোমদাৰ, মুগাচুঙীয়া আদি খেল পাতি দিছিল৷ আহোম ৰাজত্ব কালতে বিভিন্ন পৰ্যায়ৰ ডা-ডাঙৰীয়া আৰু বিষয়াসকলৰ বাবে শিপিনীৰে কাপোৰ যোগান ধৰাতো ধৰা-বন্ধা নিয়ম কৰি দিছিল৷ শেষলৈ ইয়াতো সন্তুষ্ট নাথাকি স্বৰ্গদেও ৰুদ্ৰ সিংহই মোগল ৰাজ্যৰ পৰা কিছুমান মুছলমান তাঁতী আনি ৰাজধানী ৰংপুৰত বহুৱাই ৰজা আৰু ৰাজপৰিয়ালৰ বাবে কাপোৰ বোৱাইছিল৷ সেই তাঁতীসকলক জোলা-কাটনি বুলি জনা যায়৷ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমৰ বস্ত্ৰশিল্পই যথেষ্ট উন্নতি লাভ কৰিছিল৷ আহোমৰ মোমাই তামুলী বৰবৰুৰাই বহু তাঁতীক নি শুৱালকুছি এলেকাৰ পশ্চিম প্ৰান্তৰত বসবাস কৰিবলৈ দি বস্ত্ৰ শিল্প উন্নতিৰ প্ৰচেষ্টা চলাইছিল বুলি জনা যায়৷  পৰৱৰ্তী¹ সময়ত গোটেই গাঁওখনেই ৰেচম শিল্পৰ লগত জড়িত হৈ পাৰে৷ দ্বিতীয় মহাসমৰৰ পাছৰে পৰা ‘উৰণীয়া মাকো তাঁত শাল’ সংযোগ ঘটে আৰু শুৱালকুছি ৰেচম-বয়ন শিল্পৰ কেন্দ্ৰলৈ পৰিণত হয়৷ শুৱালকুছিৰ শিপিনীয়েবোৱা পাট-মূগাৰ চিত্ৰ-বিচিত্ৰ আৰ্হি আটকধুনীয়া মেখেলা চাদৰ অসমৰ সীমা অতিক্ৰম কৰি ভাৰতৰ বিভিন্ন স্থানত সমাদৰ লাভ কৰাৰ উপৰিওবিদেশলৈ ৰপ্তানি হ’ব ধৰে৷ এনে দৃষ্টিকোণৰ পৰা শুৰালকুছিক ‘উত্তৰ পূৰ্ব ভাৰতৰ মানচেষ্টাৰ’ বুলি অভিহিত কৰিছিল৷ এই বস্ত্ৰ-শিল্পৰ বেলিকা গোৱালপাৰা, দৰং, নগাঁও আদি জিলাৰ বড়ো শিপিনীসকলকেকেন্দ্ৰ কৰি জনজাতীয় কাজি শিপিনীসকলৰ অৱদান অনস্বীকাৰ্য৷ এসময়ত লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট আদি জিলাৰ পৰা ধাৰাসাৰ মুগা-সূতা শুৰালকুছিলৈ আহিছিল৷ এই মুগা খেতিত উপযুক্ত ধন উপাৰ্জন কবিৰ নোৱাৰাত মুগা খেতিয়কসকল নিৰুৎসা হৈ পৰাত মুগা সূতা যোগান সীমিত হৈ পৰে৷ প্ৰয়োজনীয় পাট সূতাৰ বাহিৰৰ পৰা আমদানি কবিৰ লগাত পাৰে৷ ব্ৰিটিছে সুযোগ গ্ৰহণ কৰি তেনে সময়তে সূতাৰ সানমিহলি ঘটাই৷ তাৰ পৰাই পৰম্পৰাগতৰেচমীসূতা আৰু আমদানিকৃত সূতাৰ মাজত পাৰ্থক্য বাচি উলিওৱাত অন্তৰায় হিচাপে দেখা দিয়া পৰিলক্ষিত হয়৷ পৰম্পৰাগত বস্ত্ৰৰ আঁচল-নকলৰ যুঁজখনৰ সূত্ৰপাত হয়৷

সম্প্ৰতি দেশ-বিদেশৰ জাকযমক কাপোৰৰ প্ৰতি আকৰ্ষিত হৈ নৱ প্ৰজন্মৰ থলুৱা বস্ত্ৰৰ পৰিধানতঅনিহা হেতু অসমীয়া বস্ত্ৰৰ চাহিদা লাহে লাহে হ্ৰাস পোৱাৰ উপক্ৰম হৈছে৷ পূৰ্বতে অসমীয়া লোকৰ প্ৰতি ঘৰতে তাঁতশাল আছিল; মাকৰ পৰা জীয়েক, বোঁৱাৰীয়েক, নাতিনীয়েক সকলোৱে তাঁত বয়ছিল৷ নিজেই বোৱা কাপোৰ পিন্ধি গৌৰৱবোধ কৰাৰ লগতে স্বাৱলম্বীতাৰ পৰিচয় দিছিল৷ জাৰ-জহ সকলো সময়তে প্ৰয়োজনী বিধে বিধে কাপোৰ বয় কাটি পিন্ধিছিল৷ এমুঠিমান শিপিনীৰ বাহিৰে এতিয়া সেই বোৱা-কটা পৰম্পৰা ক্ৰমে যাহ যাবলৈ ধৰিছে৷

অসমৰ গামোচাই ‘টেগ মাৰ্গ’ পালোঁ পালোঁ বুলি যিমানে ঢাক-ঢোল বজাই নাথাকক কিয়? বাস্তৱত, বহিঃৰাজ্যত প্ৰস্তুত কৰা গামোচাইহে সময়ত নগৰ-মহানগৰৰ বজাৰ দখল কৰেহি৷ এই গামোচাবোৰ অসমৰ পৰম্পৰাগত গামোচাৰ লগত নিমিলে যদিও সহজলভ্য বহিঃৰাজ্যৰ গামোচাৰে সভা-সমিতিৰ সম্বৰ্ধনা আদি অনুষ্ঠানত প্ৰদান কৰা দেখা যায়৷ 

অসমৰ পৰা যেন মুগাসূতাই মেলানি মগা অৱস্থা অৰম্ভ হৈছে৷ প্ৰকৃত মুগা সূতাৰে বোৱা কাপোৰ আজিকালি দুৰ্লভ৷ ক্ষুদ্ৰ চাহখেতি কৰিবলৈ লোৱা আৰু জনসংখ্যাৰ বৃদ্ধিৰ বাবে ভূমি নাটনি হোৱাত চোমনিবোৰ লুপ্তপ্ৰায় হৈ পৰিছে৷ মুগাচুঙীয়া নাইকিয়া হৈছে৷ মুগা সূতা উৎপদানত যতি পৰা দিশে গতি কৰিছে৷ মুগা ঠাইত টৰ্চৰ কাপোৰে স্থান দখল কৰিছে৷ ঠিক পাট কাপোৰ বেলিকাও অত্যাধুনিক ‘চি{¨’ৰ আমদানিয়ে পাটৰ কাপোৰ চিনাত জটিলতাই দেখা দিয়ে৷ পতিত মাটি হ্ৰাস আৰু অসমীয়ালোকৰ বাৰীবোৰ ঠেক হৈ অহা লগে লগে পূৰ্বৰ অপৰ্যাপ্ত পৰিমাণে গজি উঠা এৰাগছ দেখিবলৈ পোৱা নাযায়, দেখা নাযায় পাটপলুৰ বাবে পৰ্যাপ্ত নুনি বাগিচা৷ এনে পৰিৱেশত এৰীপলু, পাটপলু পোহাৰ লোকৰো সংখ্যা কমি আহিছে৷ বহুসময়ত অসমত এনে পৰম্পৰাগত কাম কৰা মানুহক সাধাৰণ সমজাত মৰ্যাদা দিয়া দেখা নাযায়৷ সেয়ে এই বিত্তিত সকলো শ্ৰেণীৰলোক জড়িত হ’ব নিবিচাৰে৷ দিনক দিনে অসমৰ থলুৱা বস্ত্ৰ উদ্যোগৰ অৱস্থা যেন নিশকতীয়া হৈ অহাহে পৰিলক্ষিত হৈছে৷

সহায়ক গ্ৰন্থঃ

১৷ অসমৰ সংস্কৃতি– লীলা গগৈ

২৷ পূৰ্ণাঙ্গ কথা গুৰু চৰিত – সম্পাদনা ড॰ সঞ্জীৱ কুমাৰ বৰকটকী

৩৷ অসম বুৰঞ্জী – পদ্মনাথ গোহাঞিবৰুৱা

৪৷ চুতীয়া জাতিৰ বুৰঞ্জী– সম্পাদক ড॰ ডম্বৰুধৰ নাথ

৫৷ শুৱালকুছিৰ ইতিহাস– প্ৰশান্ত মৌদগল্য

ঠিকনাঃ ঘৰৰ নং-১৬,  বতাহঘুলি,

ত্ৰিনয়ণ পথ, পাঞ্জাবাৰী, গুৱাহাটী-৭৮১০৩৭

ফোন - ৭০৮৬৬৯৩০৬১

Poem