গেৰুৱা - শ্যামলা
চৈয়দা তনজিয়া ৱাৰিছা আজমি
মগজ পচিল!
পচা লিকলিকিয়া মগজৰ এন্ধাৰ চুকত
ভুৱা ধৰ্মৰ নগ্ন নাচ।
বিবেকত নীলিমা আকাশ নাই,
আছে বৰণ বিভাজনৰ অভিসন্ধি,
ঐ তথাকথিত ধৰমৰ ৰখীয়া,
মোক ক! মোক ক! উত্তৰ দে!!
কোন গ্ৰন্থ, কোন দেৱদূতৰ বা সংবাদ এয়া?
শইচৰ শ্যামলা হ’ল মুছলমানৰ বৰণ,
নেঘেৰ-ঘেৰ মাথোন শইচ, অম্লজান দেধাৰ,
এইবোৰৰ মাজত ক’ত শুনিলি তই আজান?
দে উত্তৰ! মৌন কিয়! টেটু ফালি ক!!
কোন গ্ৰন্থ, কোন অৱতাৰী মহন্তৰ বা সংবাদ এয়া?
অস্তমিত দ্যুৰ গেৰুৱা বোলে হিন্দুৰ বৰণ,
তিয়াগৰ কেতন, শৌৰ্য - বীৰ্য্যৰ গুণন,
এইবোৰৰ মাজত কোন মুনিৰ মন্ত্ৰোচ্চাৰণ?
প্ৰকৃতিৰ আছে নেকি কোনোবা ধৰ্মগ্ৰন্থ?
ক’ত আছে প্ৰকৃতিৰ উপাসনা স্থলী?
পাদপৰ পাতৰ শ্যামলা যদি মুছলমানৰ বৰণ,
বাৰ্ধক্যৰ শুষ্ক গেৰুৱা পল্লৱী কি?
সংকীৰ্ণ আদালতত পল্লৱী কি বুলি হ’ব দোষী?
নে দোষী ধৰ্মান্তৰকৰণৰ?
যৌৱন মুছলমান হৈ কটায়,
বাৰ্ধক্যত আশ্ৰয় হিন্দুত্বৰ বুকুত?
গেৰুৱা তাম্ৰক মামৰে গিলি
কৰে যেতিয়া শ্যামলা,
তাকনো কি বুলি দিবি আখ্যা?
ৰসায়নে নুবুজে ধৰম,
বিজ্ঞানৰো উপহাস তহঁতক।
প্ৰকৃতিৰ এই চক্ৰ যদি পাপ,
তেন্তে গোটেই সৃষ্টিয়েই মহাপাপ!
গেৰুৱা দ্যুৰ ঔৰসতেই,
জনম শ্যামলাৰ!
এই চা! চকু মেলি চা!
হিন্দু - মুছলামনৰ মিলনৰ পৰাই
আহে শক্তি! দেহত শক্তি!
হিন্দু - মুছলিম কৰাৰ শক্তি!
তেন্তে ক! শ্যামল মুছলমান কেনেকৈ?
গেৰুৱা হিন্দু কেনেকৈ?
শ্যামলা পাণ চোবাই
গেৰুৱা পিক পেলোৱা!
ঐ! মুছলমান তই মুছলমানক চোবালি,
ঐ! হিন্দু তই হিন্দুক পিকালি।
মনত ৰাখ! মনত ৰাখ!
গাজৰৰ গেৰুৱা তেজত যদি হিন্দুত্ব বয়,
লাই-লফাৰ পাতত যদি মুছলমান গোন্ধায়—
তেন্তে তহঁতৰ আত্মা আজি পচিছে।
সেই পচা গোন্ধ ঢাকিবলৈকে আজি
ৰঙৰ প্ৰসাধন নিজৰ কুৎসিত মুখত।
মই গেৰুৱা বসন উৰি ৰোজা খুলিছিলোঁ,
খাইছিলোঁ প্ৰসাদ মই শ্যামলা বসন উৰি ।
যদি বুলিছ ইয়াকেই মহাপাপ,
থ! থ! বুলিবিয়েই বাৰু!!
বৌদ্ধিক দৰিদ্ৰ তহঁত,
নাই মোৰ কোনো ঘৃণা তহঁতলৈ,
আছে অপৰিসীম পুতৌ!