ধূৰ্তক বধ
চৈয়দা তনজিয়া ৱাৰিছা আজমি
মৰ্দ্দন শতিকা শতিকাজুৰি বৰষা কোলাহলৰ,
যন্ত্ৰৱৎ সত্তাৰ ঘেৰঘেৰণি, অহং গিৰিপনিৰ দপদপনি।
মঙহৰ লোভত মোৰ লোহিতৰ হৰিৎ কঢ়া
ধূর্তৰ হাড়ৰ ওপৰত মোৰ শিপাই শিপাইছে —
কৰি মহাকালৰ ভষ্ম সনা তাণ্ডৱ নাচ।
কুঠাৰেৰে দহো হাত কাটি, কেতিয়াবা অগনিৰে বুকু ছিৰি ,
বধিছিল মোৰ নাকৰ ফুটা, উভালি মোৰ স্থিতপ্ৰজ্ঞ গুৰি। এতিয়া ধূর্তৰ মহলীয়া অট্টালিকাত মোৰ শিপাই শিপাইছে—
এৰি যোৱা দলং, কাৰখানা, পন্থক গুৰিৰে চেপিছে।
নিৰ্লিপ্ত ঔদাসীন্যৰে অম্লজান বিয়পায়ো
খালোঁ মানচিত্ৰত শতৰু খেদা শাণিত কোব।
এতিয়া ধূর্তৰ দৰ্শন, বিজ্ঞান আৰু পাৰমাণৱিক বাহুবলক
থেকেচি - মেকেচি বনালোঁ মোৰ পাদুকাৰ সাৰ।
উদাসীন জননীৰূপে কৰালোঁ স্তন্যপান ,
শতিকা জুৰি সহি বিষাল নখৰ দংশন।
চল পাই ধূৰ্তই কিন্তু গলতে বিন্ধিলত
স্বৈৰাচাৰী বনদানৱ হৈ জাৰিলোঁ ময়ো বিদায় পলত।
ক্ষন্তেকৰ ধূৰ্তৰ ধুমুহাই লণ্ড - ভণ্ড কৰিলে ,
জীৱশ্ৰেষ্ঠৰ ভেমত নগ্নতাৰ স্বৰূপ উদঙালে ।
এতিয়া ধূৰ্তক বধি মই পুনৰ জিনিলোঁ,
মই অজেয়! মই কুদ্দুচ! মই শাশ্বতী !
ঘূৰাই আনিলোঁ বিপ্লৱ সেউজী।