মদাৰ
সুমিত্ৰা ৰাভা
মদাৰ! ৰঙা এপাহ ফুল, দেখিবলৈ ধুনীয়া
মদাৰে সুগন্ধি নিবিলায়
ইয়াৰ প্ৰয়োজনো ক'তো নাই।
ভাৱ হৈ কেতিয়াবা, ৰঙা বৰণীয়া মদাৰ জোপাক দেখি কাহানিও কোনো প্ৰেমিকে নিজৰ প্ৰিয়তমাৰ তুলনা কৰা নাই!
বেয়া দেখি নেকি বাৰু মদাৰ জোপা?
শুকাই যোৱা গছজোপাৰ ডালে - ডালে ফুলিছে মদাৰ-
আশ্চৰ্য্য! খবৰ ৰখা নাই কোনো প্ৰকৃতি প্ৰেমিকে ইয়াৰ।
ফুলপাহবোৰ কোনো কোনোৱে নখত আৰি লৈ, কোনোৱে আকৌ সৰি যোৱা ফুলবোৰ গছকি ৰৈ!
কাহনিও হ'বলা এপাহ ফুলেও কাৰোবাৰ ডায়েৰীৰ পৃষ্ঠা শুৱনি কৰিব নোৱাৰিলে-
কোনো ৰূপহীৰ খোপাৰ সৌন্দৰ্য্য নবঢ়ালে।
কিন্তু মদাৰো এপাহ ফুল, এবিধ ৰঙা বৰণীয়া ফুল।
নিজকে ৰিজাই চাইছো, দূৰ দিগন্তৰ সেউজীয়া ঘাঁহনি
সৰি সৰি পৰে একো একোপাহ ফুলপাহি,
উষ বেদনা! ময়ো যেন মদাৰৰে ফুল, মোৰো মন যায় কাৰোবাৰ হৃদয় অধিকাৰ কৰিবলৈ, কিন্তু মদাৰৰ ফুলবোৰৰ দৰে মোক সকলোৱে তুচ্ছ মানি লয়।
কঠিন জীৱনৰ আহুকালৰ সময়, মদাৰ গছৰ দৰে দেহৰ বৰণ হেৰুৱাইছো, ঠেকা খোৱা বাতৰ পথযাত্ৰী মই মোৰ নিৰ্দিষ্ট স্থান নাই, কোনোৰ হৃদয়ৰ গৰাকীনি নহওঁ মই।
মোৰ সপোনবোৰ তন্দ্ৰাত ঢল খাই যায়, মানৱৰ কঠিন বাক্যৰ সন্মুখী, মানৱৰ খোজত লেৰেলি পছি যোৱা মদাৰৰ ফুল হৈ মই।
মোৰ কোনো অস্তিত্ব নাই, কায়াবিহীন নাৰী,
উচ্চ মানৱৰ সমাজত অজ্ঞানতে জীয়াই থাকিব খোজা মই অধম ছদ্মবেশী।
মোৰ দুখৰ শেষ নাই, নি : শেষ কিন্তু মই প্ৰতিদিনেই
ফুলৰ শাৰীত মৰ্য্যদা নোপোৱা, এয়া মদাৰ গছৰ কাহিনী।