চন্দ্ৰপুৰলৈ কাম এটাত গৈছিলো। গৈ থাকোতে নৈখন দেখিলো, দেখিয়ে ৰ'বলৈ মন গ'ল। কিন্তু হাতত ব্যস্ততা। নিজকে কথা দিলো- উভতি আহোতে নৈখনৰ পাৰত ৰ’ম, নৈখনক চাম। কথা ৰাখিলো নিজৰ৷
আলিবাটৰ পৰা নামি গৈ নৈখনৰ ওচৰত থিয় দিলো, মন দি চাৰিওফালে চালো, মনৰ আৱেশেৰে নৈখনক আৰু তাৰ গাতে আউজি থকা চৌপাশক আলফুলে আলিংগন কৰিলো।
কি আছিল সেই সময়খিনিত? মায়া! প্রকৃতিয়ে যেন বাছি বাছি কোমল ৰঙবোৰ চৌপাশে বিলাই দিছিল। নৈখনৰ গৰাত বিস্তাৰিত ঘাঁহনিয়ে মোৰ ভৰিৰ পতাত স্পৰ্শ কৰিছিল, ঘাঁহনিৰ ৰং- পাতল সেউজীয়া। ওপৰলৈ মূৰ তুলি দেখা আকাশৰ ৰং- পাতল নীলা। নৈৰ মাজত প্ৰসাৰিত হৈ থকা ৰূপালী বালিচৰৰ ওপৰত শুভ্ৰ কঁহুৱা আৰু নৈখন- নৈখন বর্ণনাতীত.... আকাশৰ চাপ বুকুত বান্ধি বৈ থকা নৈখনৰ মৃদু সোঁতবোৰত সূৰুযৰ জিলিকনিয়ে যেন সেইদিনা সোণালী সূতাৰে বুটা বাচিছিল। সেই সময়খিনিত আমাৰ মনৰ মাজেৰে প্ৰবাহিত হৈছিল এক সুৰধ্বনি-
বৈ যোৱা বৈ যোৱা সাগৰলৈ বৈ যোৱা নৈ
কৈ যোৱা কৈ যোৱা বুকুৰে গোপন বেথা অই
নৈখনৰ লগত মোৰ বহু পুৰণি সম্পৰ্ক, ঠিক কোনো বিশ্বস্ত বন্ধুৰ দৰে। নৈখনক মই মোৰ খবৰ দিও, তাৰ সৈতে মই ভগাই লও মোৰ অশ্রু-বিষাদ-আনন্দ আৰু সকলোবোৰ। সি যেন সকলো নিজৰ মাজত সামৰি লয়, তাৰ ওচৰত ৰৈ দিয়াৰ লগে লগেই যেন মোৰ ভিতৰৰ সকলো কোলাহল স্তব্ধ হৈ যায়। মই কৃতজ্ঞ হও আৰু ভাবো- মোৰ ভালপোৱাৰ বাদে তোমাক যে মই আৰু একোৱে দিব নোৱাৰো, তোমাৰ তুলনাত মই যে একেবাৰে নিঃস্ব।
মোৰ পাৰ হৈ যোৱা জীৱনটোক নৈখনে দেখে আৰু দেখে সেই কাহিনীবোৰৰ লগত সলনি হোৱা জীৱনৰ ৰঙবোৰ ৷ কিন্তু নৈখনে অকল মোক দেখা নাই, ময়ো তাক দেখিছো। দুপৰৰ প্ৰখৰ ৰ'দত জিলিকি থকা নৈখনে গধূলিৰ শান্ত হেঙুল ৰং গাত সানি কিদৰে নিশাৰ অন্ধকাৰৰ মাজত প্ৰৱেশ কৰে, সেয়া তাৰ সৈতে পলে পলে গতি কৰি ময়ো প্রত্যক্ষ কৰিছো, জীয়াইছো, উচুপিছো।
মোৰ অনুভৱ হয় প্ৰতিটো উশাহৰ লগত আমি আচলতে আয়ুস হেৰুৱাও। প্ৰতিটো পাৰ হৈ যোৱা মুহূৰ্তই আমাক যেন মৃত্যুলৈ আৰু এখোজ আগবঢ়াইহে দিয়ে। জীৱনৰ এই যাত্ৰাত বেছিভাগ সময়তে মই নৈখনক মোৰ ওচৰত বিচাৰিম৷ এনে লাগে তাৰ ওচৰত ক্ষয় যোৱা মুহূৰ্তবোৰে মোক পৰিতৃপ্তহে কৰে৷
নৈখনৰ ওচৰত জীৱন হেৰুৱাই মোৰ ভাল লাগে !