উপন্যাস
অন্বেষা চক্ৰবৰ্তী
উপন্যাসসমূহ এক আবেগ৷
হৃদয়ৰ অকথিত বোৰো যেন বগা কাগজত
ৰঙীন চিয়াঁহীৰ আচোৰ হৈ
থান বান কৰি থৈ যাব পাৰেএখন হিয়া৷
জানো, ইহঁতৰনো কি এনে শক্তি আছে?
যিয়ে শিলৰ লগত পানী হৈ বৈ
শিল বোৰকো নিমজ কৰে৷
কাৰোবাৰ কলমৰ লিখনিয়ে
মানুহক জানো কেনেকৈ কোমল,মৰম আকলুৱা অনুভৱ কৰায়।
নির্জীব, প্রাণহীন অন্তৰ স্পৰ্শ কৰি
সিহঁতে "সৰাফুল"ৰ সৌন্দৰ্য্য দেখুৱাই
"নাহৰৰ নিৰিবিলি ছাঁ" ৰ দৰে শান্ত হৈ আবেগ সঞ্চাৰ কৰে৷
"নিৰিবিলি" হৈ
"হৃদয় মানচিত্র" স্পৰ্শ কৰে।
"পাটকাইৰ সিপাৰে মোৰ দেশ"ত
"বকুল ফুলৰ দৰে" ছা দিয়ে।
"বিভ্ৰান্ত বাস্তৱ" হৈ বাট দেখুৱায়।
এনেদৰেই এই উপন্যাসে জীৱন দিয়ে।