Stay updated-follow us on Instagram
Follow

ৰণ

সুমিত্ৰা ৰাভা

1 min read
Readers 40 people read this
1 / 1

ভাগৰি পৰিলে দেহা, এই দুখ বেদনাৰে

অন্তহীন খেলত, বহি পৰিল দলিচাত ক্লান্ত মনৰ শোকত অস্থিৰ সময়ত।

ডুবি যাওঁ যাওঁ হ'ল পালতৰা নাৱখন বাইছিলো যাক পৰম সুখত, এতিয়াচোন বেলিটিও মাৰ যাবৰ হ'ল।

গভীৰ কষ্টৰ এখন সমুদ্ৰ ইপাৰ - সিপাৰ চাবলৈ নাই, সাঁতুৰি পাৰ হমনে ৰ লাগি চাম, নিজানতেই সকলো হেৰাল।

দ্ খাদৰ নিচিনা ওখোৰা - মোখোৰা বুকুৰ বালিচৰাত কল্পনাবোৰ নিমিষতে ধূলিস্যাৎ হৈ যায়, হাহাকাৰ কৰিও পাৰাপাৰ নাই।

অন্তহীন এখন বিশাদৰ পথাৰ দৌৰি ফুৰিছো মৰীচিকা খেদি, নেপাওঁহে ধুকাই নেপাওঁ একো পলকতে ভ্ৰান্তি উপজাই।

মই আগবাঢ়ি যোৱা ভাল হ'বনে?

নে থাকো ইয়াতে এটি মূৰ্ত্তি হৈ চাই!

যুঁজিব লগিছো জীৱনৰ লগত হায়! মানুহবোৰ ক'তনো ঢুকাই।

নালাগে একো মোক আজি, মাথোঁ বিচাৰো এজন সহপাঠী,

কান্দিবলৈ ঠাই নাই এই নিৰ্জন নদীদ্বীপত, আশাবোৰ কেনিনো হেৰাই।

দিয়া মোকো দিয়া অলপ সুখ ভিক্ষা খুজিছোঁ আজি, মোৰ কি অধিকাৰ নাই, এই মায়া-মোহৰ পৃথিৱীখনৰ অংগ হ'বলৈ?

ভাগি পৰিছো আজি অকলে শূণ্য সকলো আন কোনো নাই, জুই লাগিছে এই বনত তাহানিৰ পৰাই।

ধাৰাসাৰে নামিব বেদনাৰ ধাৰা উটি যাব আটায়ে লগত,

ভাৱ হৈ মোৰ এই নিৰ্জন নদীদ্বীপত যেন মৰি মৰিহে জীয়াইছো।

নাচাওঁ মই নাচাওঁ দিঠকলৈ বুকুখন দহি যায় কিয় অস্ত্ৰ নোহোৱা ৰণ হ'ল এয়া যাৰ লগতে কোনো সহযোগীও নাই কোনো প্ৰাণী নাই।

মই শূণ্য মই নিৰস্ত্ৰ মই দৌৰি ফুৰিছো দশোদিশে মোৰ সমান কোনো দুৰ্ভগীয়া নাই,

যাৰ অকালতে জীয়াই মৰণ ঘটে!

ৰণ অ'ই ৰণ তই নাহিবি মোলৈ মই অকলশৰীয়া নোৱাৰো যুঁজিব যাব দে মোক মোৰ দেশলে মোৰো এটা সপোন আছে।

Poem