বন পদুম
প্ৰেম কাক নালাগে জীৱনত, অমিতকো লাগিছিল। নয়নাক লগ পোৱাৰ পিছত অমিতৰ এনে লাগিছিল হয়তো সি অতদিনে বিচাৰি থকা মানুহজনীক বিচাৰি পালে। কোনো প্ৰকাৰে অমিতে নয়নাক হেৰুৱাবলৈ বিচৰা নাছিল, তাৰ জীৱনত নয়নাৰ প্ৰয়োজন কিমান সেই কথা সি তাইক জনাইছিল। নয়নাৰ আগতে তাৰ জীৱনলৈ অহা প্ৰতি গৰাকী নাৰীৰ কথা জনাই সি কৈছিল— নয়ু, বহুতে মোক আঘাত দি গুচি গ'ল, তোমাক যদি মই আগতে বিচাৰি পালোহেঁতেন!
জীৱনৰ পঁচিশটা বছৰ পাৰ কৰা নয়নাৰ বাবেও কাৰোবাৰ লগত সম্পর্ক এটি গঢ়ি তোলাতো এক নতুন অনুভৱ আছিল। ভালপোৱাৰ টোপোলাটো বুকুৰ মাজত তাই সাঁচি ৰাখিছিল যদিও কাৰো লগত কোনোদিনো ভগাই লোৱা নাছিল। কিন্তু অমিতক সকলোখিনি দিবলৈ তাই সাজু হৈছিল, মনৰ মাজত সযতনে সাঁচি ৰখা সমগ্ৰ ভালপোৱাৰে অমিতক আকোৱালি লৈছিল তাই।
সম্পৰ্ক এটাৰ গতি, সম্পৰ্ক এটাৰ সুঁতি সময়ে নিৰ্ধাৰণ কৰে। সম্পৰ্ক এটাক সময়ে পৰীক্ষা লয়।
আৰম্ভণিতে অমিতে নয়নাৰ পৰা কোনো কথা নুলুকাইছিল— “নয়ু আজি লগৰখিনিৰ লগত মিলি মদ খালো”, “নয়ু মই দিনে তিনি- চাৰিটাকৈ চিগাৰেট খাও”, “নয়ু তুমি চাগে” মোক বেয়া পাবা কিন্তু তোমাক লগ পোৱাৰ দুমাহমান আগলৈ মই মাজে মাজে ভাং খাইছিলো”... প্রকৃততে বেয়া পোৱাৰ সলনি এই সত্যতাখিনিৰ বাবে নয়নাৰ অমিতলৈ মৰম বাঢ়িছিলহে। এটা সম্পৰ্কত সকলোখিনি বিচৰাধৰণে পোৱা নাযায় বুলি নয়নাই বুজিছিল – দুজন পৃথক মানুহ, জীৱনশৈলীনো কেনেকৈ একে হ'ব পাৰে, মাজৰ ৰাস্তা এটা আমি ল'ব লাগিব, তেতিয়াহে সম্পৰ্কটো জী থাকিব।
এই মাজৰ ৰাস্তাৰ কথা নয়নাই অমিতক কৈছিল আৰু সি সহজতে মান্তিও হৈছিল — হ'ব সি চিগাৰ্টেৰ সংখ্যা দিনে দুটালৈ আনিব, সপ্তাহে সপ্তাহে মদ খোৱাতো এৰি মাহত এবাৰ লগৰবোৰৰ লগত বহিব আৰু ভাং... ভাং খোৱাতো সি এৰি দিব, নয়নাৰ বাবে সি সকলো কৰিব, নয়নাক সি হেৰাবলৈ নিবিচাৰে। যদিওবা অমিতে নয়নাৰ বাবে সকলোখিনি কৰিম বুলি কৈছিল, সময় আৰু পৰিস্থিতিয়ে কিন্তু নয়নাৰ আগত অন্য এক ছবিহে দাঙি ধৰিছিল। অমিত্ৰৰ ওচৰত বিচাৰি পোৱা যিখিনি সত্যতাৰ বাবে তাই অমিতক ভাল পাবলৈ লৈছিল, সেই অমিতে তাইক যে ফাঁকি দিবলৈ ধৰিছে সেই কথা তাই অনুভৱ কৰিছিল। কিন্তু নয়না আছিল সম্পৰ্ক ধৰি ৰাখিবলৈ বিচৰা ছোৱালী, সিহঁতৰ সম্পৰ্কৰ জৰীডাল ঢিলা হ'বলৈ ধৰিছে বুলি জনাৰ পিছতো তাই আঁতি আঁতি সেই জৰীডাল বান্ধি ৰাখিবলৈ চেষ্টা কৰিছিল।
অমিতে ভালপোৱা ছোৱালীজনী গুচি যোৱাৰ পিছত তাৰ জীৱনত সৃষ্টি হোৱা ৰিক্ততাখিনি নয়নাৰ আগমনে যেন পূৰ্ণ কৰি তুলিছিল। নিস্বাদ হৈ যোৱা তাৰ জীৱনটো নয়নাৰ ভালপোৱাৰ আস্বাদত আকৌ এবাৰ ৰাগীয়াল হৈ উঠিছিল। যিদৰে সুৰাপান কৰা ব্যক্তি এগৰাকীৰ শৰীৰটো সুৰাৰ সৈতে অভ্যস্ত হৈ যায় আৰু পিছলৈ নিচা হ'বলৈ তেওঁক অধিক মাত্ৰাৰ সুৰাৰ প্ৰয়োজন হয়, একেদৰে আমাৰ জীৱনটো আমি বিশেষ বুলি অনুভৱ কৰা কোনো ব্যক্তি বা বস্তু বা পৰিস্থিতিৰ সৈতে এসময়ত অভ্যস্ত হৈ যাও আৰু তেনে সময়তে কিছুমান মানুহে জীৱনৰ ৰাগীত ৰাগীয়াল হৈ থাকিবলৈ অন্য অৱলম্বন বিচৰা আৰম্ভ কৰে। সম্পৰ্কটোৰ দুমাহমান পাৰ হোৱাৰ পিছত অমিতৰ নয়নাৰ আগত কিছুমান কথা কৈ থাকিবলৈ ভাল নলগা হৈছিল, মন খুচ হোৱা কামবোৰৰ পৰা আঁতৰি থাকিবলৈও সি নিবিচৰা হৈছিল, তাতকৈ সহজ উপায়— মিছা মাতা। তেনে সময়তে সিহঁতৰ অফিচলৈ নতুন ছোৱালী এজনী অহিছিল – অৰ্চনা। অৰ্চনাই অমিত্ৰৰ লগত বন্ধুত্ব কৰিবলৈ বিচাৰিছিল, তাৰ আগতে অমিত তাইৰ লগত অফিচৰ পাৰ্টী এটাত চিনাকি হৈছিল। প্ৰতি শনিবাৰে অফিচৰ পিছত মদ খাবলৈ সিহঁতৰ লগত অৰ্চনায়ো লগ দিয়া হৈছিল। তেনে এটা শনিবাৰতে অৰ্চনাই অমিতক কৈছিল, ''মোক অকণমান আগবঢ়াই দিবা...।''অমিতে সেইদিনা অৰ্চনাক অকল আগবঢ়াই দিয়াই নহয় নয়নাই অতদিনে আঁতি আঁতি গাঁঠি ৰাখিবলৈ চেষ্টা কৰা জৰীডালকো ছিগি থৈ আহিছিল।
শনি, ৰবি— মাজত দুটা দিন পাৰ হৈ গৈছিল, সোমবাৰে নয়নাই অমিতক লগ কৰিবলৈ গৈছিল, অমিতে নয়নাক সাবটি সেইদিনা উপর্যুপুৰি চুমা খাইছিল আৰু তেনে এটা মুহূৰ্ততে নয়নাই দেখিছিল অমিত বাউসীত দুটা স্পষ্ট হিক্কিৰ দাগ। সকলো দেখদেখকৈ নয়নাৰ চকুৰ সন্মুখত থকাৰ পিছতো অমিতে সেইদিনাও নয়নাৰ সন্মুখত মিছায়ে মাতিছিল।
অমিত্ৰৰ ওচৰত ৰৈ থাকিবলৈ নয়নাৰ আৰু কোনো কাৰণ নাছিল। সকলোখিনি আঁজুৰি দি নয়না খালী হৈ পৰিছিল । নয়নাক হেৰুৱাই অমিত্ৰৰ দুখ লাগিছিল কিন্তু অমিতৰ এইবাৰ আগৰদৰে ৰিক্ত অনুভৱ হোৱা নাছিল – অফিচত কামৰ মাজত ভাকুটকুটাই দিবলৈ তাৰ ওচৰত অৰ্চনা আছিল, অলস মুহূৰ্তত চুলিৰ মাজেৰে আঙুলি ফুৰাবলৈ তাৰ ওচৰত অৰ্চনা আছিল, কাৰোবাৰ লগত কথা পাতি মন পাতলাবলৈ ইচ্ছা হ'লে তাৰ ওচৰত অৰ্চনা আছিল, শৰীৰৰ ভোক পলাবলৈ হ'লেও তাৰ ওচৰত অৰ্চনা আছিল। অৰ্চনাৰ সৈতে অমিত তেতিয়াও অভ্যস্ত হৈ উঠা নাছিল— নিচাসক্ত হৈ থাকিবলৈ তেতিয়াও তাৰ ওচৰত এক পাথেয় আছিল।