Stay updated-follow us on Instagram
Follow
বিষাদ
পংকজ গগৈ
1 / 1
১
এখন পুহি ৰখা নদীৰ পাৰত
এজন নিঃকিন কবি
হাতৰ মুঠিত
মহী-চুঙাতে গোট মৰা ৰঙা চিয়াঁহী
২
এখন গোমা আকাশ ফুটি
এজাক ধাৰাসাৰ বৰষুণ
এতিয়া এইয়া-
চেপাত লগা এটা শুকান হৃদপিণ্ড
৩
এডাল হোলোং গছ বাগৰি
এটা প্ৰকাণ্ড শব্দ
মিশ্ৰিত মোৰ পিতাৰ গোৰোহা ফাটি বোৱা
এখন আত্মসমাহিত নৈৰ
কুলু-কুলু ধ্বনি
Poem