Stay updated-follow us on Instagram
Follow

শুধ বগা চাদৰ এখনে নুৰিয়াই থ’লে আমাৰ মন

[প্ৰিয় কবি ৰফিকুল হুছেইন দাদাৰ সোঁৱৰণত]

দেৱপ্ৰসাদ তালুকদাৰ

1 min read
Readers 40 people read this
1 / 1

নাই বুলি ক’লেই
নাইকিয়া হৈ যাব পাৰে নেকি
নেদেখা সোঁতৰ ধাৰ
শুনাৰ পিছত গুণগুণকৈ কাণত বাজি থকা
ক’ৰবাত তোমাৰ শব্দৰ ধ্বনি
নুশুনিও শুনি থাকোঁ নিৰলে নিজানে
মূৰ তুলি চাওঁ নেদেখাৰ পৰা
চলি থকা নাটৰ আখৰা
ভ্ৰাম্যমাণ তোমাৰ জীৱন জীৱন মধুময়
বিৰল দৃষ্টি ভংগীৰে আঁকিলা
জীৱন নাটৰ মানচিত্ৰ
আমাৰ হেৰুৱাবলৈ বাকী
থাকিলে বা কি
ক’ত পাম তোমাৰ সান্নিধ্যই দিয়া মহানুভৱতা
সমাজখনেই তোমাৰ ঘৰ আছিল
তোমাৰ উপস্থিতি আজি ইয়াত
উৎসৱৰ অমল সংগীত
কালি তাত জীৱনৰ ৰহঘৰা
বাজি থকা অমিয়া সুৰ
আকাশৰ হেঙুলীয়াত মূৰ থৈ
ভাবিবানে আকৌ
আকাশৰ যন্ত্ৰণাৰ কথা
কি নাছিল তোমাৰ
সকলো থাকিও
নেদেখিলোঁ যে তোমাক আমি
সেই যে
যোৰহাটৰ টুৰিষ্ট ল’জত কটোৱা
ওৰেটো ৰাতি
টোপনি যোৱা নেদেখিলোঁ তোমাক
বাকীবোৰ টোপনিত লালকাল
মই সাৰে আছিলোঁ
তোমাৰ টোপনি যোৱা আঙুলি কেইটা
চাবলৈ বুলি
আজি যে ইমান টোপনি তোমাৰ
শুধ বগা চাদৰ এখনে
নুৰিয়াই থ’লে আমাৰ মন

ঠিকনা:  ঘৰৰ নং ২০, বাঘৰবৰি,ডাক- পাঞ্জাবাৰী, গুৱাহাটী-৭৮১০৩৭ ফোন- ৭০৮৬২৯৬৭২৪

Poem