Short Story

কঙ্কন জ্যোতি বৰ্মন

1 min read
Readers 40 people read this
1 / 1

চিনাকি নিজৰ ম‌ই বহুযুগ‌ৰে
চিনাকি মোৰ দাগ লগা চৰিত্ৰৰ
উখহি যোৱা মনৰ
তিক্ত মাত কথা বোৰ;
ৰাগীৰ মায়াত মৌ সনা
বিষাদৰ শূণ্য চিঞৰবোৰ;
নিৰুপায় মনবোৰক বিলাসী সপোনত
বন্ধুত্বৰ পৰিচয় দি ভাগৰি পৰা,
চৰিত্ৰটো খেলি মেলিত উজটি খায়
নিঠৰুৱা হৈ থাকিল;
অম্বাৰ নিচুকনিত কটু অৰ্থৰ প্ৰলাপ বকা
প্ৰত্যাবায়ী স্বৰূপ হৈ, মুখা পিন্ধা অপাত্ৰ
চৰিত্ৰটো বহু যুগৰে চিনাকি মোৰ,
দাগবোৰৰ দৰে মুখাখন মনটোত এঠা লাগি
লাহে লাহে সেইখনেই চৰিত্ৰ হৈ ,
উদয় নোহোৱা বেলিটো আজি
অস্ত গৈ থাকিল।

Stay updated-follow us on Instagram
Follow