Stay updated-follow us on Instagram
Follow

কেঁচুসাৰ: ইয়াৰ উপকাৰিতা আৰু ব্যৱসায়িক সম্ভাৱনা

Readiot

1 min read
Readers 40 people read this
1 / 1

বৰ্তমান সময়ত বজাৰত শাক-পাচলিৰ উৎপাদনত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰে শৰীৰত অভাৱনীয় ক্ষতি কৰাৰ বৈজ্ঞানিক প্ৰমাণ পোৱা গৈছে। ফলস্বৰূপে প্ৰাকৃতিক (organic) খেতিৰ প্ৰয়োজনীয়তা আহি পৰিছে। অলপমান মাটিত দৈনন্দিন ব্যৱহাৰৰ বাবে শাক-পাচলিৰ খেতি ঘৰতে কৰিব পৰা যায়। তেনে খেতিৰ শাক-পাচলি শৰীৰৰ বাবে উপকাৰী হোৱাৰ লগতে তেনে অভ্যাসে মানসিক ভাৰসাম্য ৰক্ষা কৰাতো সহায় কৰে। মানসিক বিশেষজ্ঞই বিভিন্ন মানসিক ৰোগৰ প্ৰতকাৰ হিচাপে বাগিচাত মনোযোগ দিবলৈ পৰামৰ্শ দিয়ে। গতিকে ঘৰতে শাক-পাচলি তথা ফুলনি বাগিচাৰ লগত ব্যস্ত হোৱাৰ লগত নতুন প্ৰজন্মক তেনে অভিজ্ঞতাৰ লগত জড়িত কৰাটো নিতান্তই প্ৰয়োজনীয়।

তেনেদৰে ঘৰতে কৰা খেতি অথবা ফুলনি বাগিচাৰ বাবে কেঁচুসাৰ এক উৎকৃষ্ট প্ৰাকৃতিক চাৰ। গৱেষণা অনুসৰি কেঁচুসাৰত প্ৰচুৰ পৰিমাণে নাইট্ৰ’জেন, ফছফৰাছ, পটাছিয়াম আৰু এনজাইম থাকে যি নানা গছৰ বাবে এক উৎকৃষ্ট আহাৰ। কেঁচুসাৰৰ ব্যৱহাৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, মাটিৰ আর্দ্ৰতা ৰক্ষা কৰে, গছ-গছনিৰ স্বাস্থ্যকৰ আৰু দ্ৰুত বৃদ্ধি সহায় কৰে আৰু আৱৰ্জনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো পৰোক্ষভাৱে সহায় কৰে। বজাৰত আজিকালি বিভিন্ন ধৰণৰ কেঁচুসাৰ ১৫টকা/কেজি পৰা আৰম্ভ হয় আৰু ২০-২৫টকা/কেজি দৰত উৎকৃষ্ট মানদণ্ডৰ কেঁচুসাৰ পোৱা যায়।

কেঁচুসাৰ উৎপাদন প্ৰক্ৰিয়াও তেনেই সহজ। উৎপাদনৰ বাবে প্ৰথমে প্ৰয়োজন হয় এক বিশেষভাৱে নিৰ্মিত বিছনাৰ যি প্ৰায়বোৰ অনলাইন ৱেবচাইতত কিনিবলৈ পোৱা যায়। অৱশ্যে ঘৰতো মানুহে সুবিধাজনকভাৱে তেনে ব্যৱস্থা কৰি ল’ব পাৰে। তেনে এক বিছনাত গোবৰ লগত কলগছৰ গা, মেটেকা অথবা পেলনীয়া শাক-পাচলিৰ অৱশিষ্ট তৰপে তৰপে দিব লাগিব। বিছনাখন সূৰ্যৰ ৰ’দ প্ৰত্যক্ষভাৱে নপৰা স্থানত ৰাখিব লাগে। কেঁচুসাৰ জীৱাই থাকিবলৈ আর্দ্ৰ পৰিৱেশৰ প্ৰয়োজন। তাৰপিছত বিছনাখনত বিশেষ প্ৰজাতিৰ কেঁচুসাৰ পেলাই দিলে কেইদিনমানৰ ভিতৰত সিহঁতে বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। পৰ্যায়ক্রমে সিহঁতে গোবৰ, কলগছ, শাক-পাচলি আদি খাদ্য হিচাপে গ্ৰহণ কৰি কেঁচুসাৰ প্ৰস্তুত কৰে। প্ৰতি এক কেজি কেঁচুয়ে দৈনিক আধা কেজি কেঁচুসাৰ উৎপাদন কৰিব পাৰে।

ই একেধৰণৰ কম খৰচত কৰিব পৰা ব্যৱসায়। বজাৰত ব্যক্তিগত ব্যৱহাৰৰ বাবে বা ফুলনি খেতি কৰা নার্সাৰিবোৰত ব্যৱহাৰৰ বাবে যোগান ধৰিব পাৰি। নার্ছাৰীবোৰত কুইণ্টল হিচাপে কেঁচুসাৰ প্ৰয়োজন হয়। ভালদৰে পেকেজিং কৰি অনলাইন বিক্ৰী কৰিব পাৰিলে প্ৰতি কেজিত ১০০টকা পৰ্যন্ত দাম পাব পাৰি। আনকি খেতিয়কক যোগান ধৰাৰ বাবে চৰকাৰে বছৰি শ শ কুইণ্টল কেঁচুসাৰ ক্ৰয় কৰে, লগত উৎপাদনৰ বাবে অৰ্থনৈতিক সুবিধা আৰু অভিজ্ঞ লোকৰ সহায়-সহযোগিতাও প্ৰদান কৰে। বজাৰত যিহেতু চাহিদাৰ অভাৱ নাই গতিকে ভালদৰে কৰিলে কেঁচুসাৰ ব্যৱসায় এক লাভজনক ব্যৱসায় হৈ উঠিব পাৰে।

Biology