Stay updated-follow us on Instagram
Follow
Pankaj Gogoi
1 / 1
ৰঙাজিঞাৰ নেজ ধৰি
সাধুৰ নৌকাত বহি আহে
কাউৰী ৰং ঘঁহা অচিনাকী জীৱ
কোনে দেখালে তাক
মোৰ ঘা লগা কামিজ
জুই মেলি দে
জুই মেলি দে
ওচৰ চাপি আহিব নিদিবি
সোধ তাক
নদীখন কিমান দীঘল
ক'ৰ পৰা ধৰি সি
আনিলে জিঞা
আৰু অলপ পৰ
উলটি অহা নাই মোৰ ছাঁ
আনিব গৈ পচতীয়া
কবিতা